Ad

Ad Space

Slider

আমাক #জনজাতিকৰণ কৰিব লাগিবই

0
#How can we be #ST? ::
(অসমীয়াত তলত বহলাই লিখা হৈছে)
If the Tai Ahom people need to be ST, then the following points should be applied.
1. Revive and reuse the Tai Ahom Language (Khwam Tai Ahom)
2.Remove foreign cultures and religions and adopt their traditional faith and customs (Aam Siu Chin Ban Phi)
3. They should start to wear their own traditional Tai Ahom clothing again.

আমাক #জনজাতিকৰণ কৰিব লাগিবই! কিন্তু কেনেকৈ? ::

#টাইআহোম জনগোষ্ঠীৰ জনজাতিকৰণ (ST Demand) এটা কম ডাঙৰ বিষয় নহয়। আমি জনজাতি হব পাৰিছোঁ নে? নিয়মৰ ফালৰ পৰা কি মই নাজানো law পঢ়া নাই science হে পঢ়িছোঁ। কিন্তু এটা কথা দেখি আহিছোঁ যে জনজাতি বোৰে নিজৰ ভাষা (Mother language) , সংস্কৃতি (Native cultures) আদি ব্যৱহাৰ কৰি আহিছে আৰু যিসকলে জনজাতিয়ে নিজা ভাষা সংস্কৃতি এৰি দিছে তেওঁলোকক এতিয়া জনজাতি বুলি ধৰা নহয়। বিশেষকৈ টাইসকলৰ ক্ষেত্ৰতে আহোমে নিজৰ ভাষা সংস্কৃতি এৰি দিছে সেয়ে বৰ্তমান আমাৰ জনজাতিকৰণ হোৱা নাই। কিন্তু আহোমৰ বাহিৰে অইন উত্তৰ পূবৰ টাই জনগোষ্ঠীসমূহ যি নিজা জনজাতীয় গুণ সমূহ ধৰি ৰাখিব পাৰিলে বাবে তেওঁ লোক আজি জনজাতি। সেয়ে যিসমূহ আহোম সংগঠনে জনজাতিকৰণৰ দাবী কৰিছে তেওঁলোকে যদি - 
১.প্ৰথমে নিজৰ সংগঠনৰ সদস্য সকলক আৰু তাৰ পিছত অইন সাধাৰণ মানুহকো টাইআহোম ভাষা কবলৈ আৰু লিখিবলৈ শিকাই আৰু যিসকলে শিকিছে তেওঁলোকক ২০২১ৰ লোকপিয়লত নিজৰ ভাষা হিচাপে টাইআহোম ভাষা বুলি চৰকাৰক জনাই । 
২.পৰৰ ধৰ্ম সংস্কৃতি এৰি নিজৰ সংস্কৃতি বানফি ধৰ্ম আৰু ফুৰালুং পৰম্পৰাগত philosophy সমূহ ব্যৱহাৰ কৰে।
৩.নিজৰ ঘৰত থাকোতে অনন্ত: টাইআহোম সাজপাৰ ব্যৱহাৰ কৰে।
তেন্তে জনজাতি আমাৰ পৰিচয় হৈ যাব। আৰু এয়া আমাৰ অধিকাৰ হব। গতিকে আহোম সংগঠন সমূহে এই তিনিওটা কামৰ ওপৰত অলপ গুৰুত্ব দিব বুলি আশা ৰাখিলো কাৰণ ইমানবোৰ সংগঠনৰ মাজতো মাত্ৰ এমুঠি সংগঠনেহে আহোমৰ ভাষা আৰু সংস্কৃতিৰ ব্যৱহাৰ আৰু প্ৰচাৰ কৰা দেখা পাইছোঁ। আৰু সচাকৈ কব গলে ১% টাইআহোমৰ সজাগতা আৰু কষ্টৰ ফলহে টাইআহোমৰ ইউনিকদ, সংস্কৃতিৰ প্ৰচাৰ আদি সম্ভৱ হৈ উঠিছে গতিকে যদি বাকী ৯৯% আহোমেও তাত যোগ দিয়ে তেন্তে কিমান উন্নতি কৰিব পাৰিম নিজে ভাবি চাওক। 
অ' আমি পেজৰ ফালৰ পৰা সাধাৰণ পুষ্টৰ লগতে টাইআহোম ভাষা শিকোৱা পুষ্ট দি যিসকলে ভাষাটো শিকিব বিচাৰে তেওঁলোককো সহায় কৰিম আৰু নিজেও শিকিম বুলি ভাবিছোঁ। 
পে অং লে ফান টাই আহোম
আহোম আহোম হওক
We Revive We Survive

#crd Tai Ahom
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧