বিভাজনৰ বুৰঞ্জী ঃ
প্রসংগ পূর্বাঞ্চল তাই-সাহিত্য সভা
মনোৰঞ্জন ফুকন
গুৰুত্বপূৰ্ণ সামাজিক ঘটনা, পৰিঘটনা সমূহেই সমসাময়িক বুৰঞ্জীৰ সমল হ'ব পাৰে। পূৰ্বাঞ্চল তাই সাহিত্য সভা বিভাজনো তাই-আহোমসকলৰ বাবে এক গুৰুত্বপূর্ণ ঘটনা। গতিকে তাই-আহোম সকলৰ সামাজিক বুৰঞ্জীত ই নিশ্চয় স্থান পাব। ১৯৮১ চনৰ এক ঐতিহাসিক মুহূৰ্তত পূর্বাঞ্চল তাই সাহিত্য সভাই জন্ম লাভ কৰিছিল। ইয়াৰ পিতৃত্ব নাইবা অভিভাৱকত্ব স্বাভাবিকতে দাবী কৰিব পাৰে সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনে। ১৯৬২ চনত সদৌ অসম মহন-দেওধাই বাইলুং সম্মিলনে জন্মলাভ নকৰা হ'লে ১৯৮১ চনত পূৰ্বাঞ্চল তাই-সাহিত্য সভাই স্থিতিলাভ কৰিব নোৱাৰিলেহেঁতেন। ইয়াৰ উপৰিও তাই-আহোমৰ ধৰ্মীয় শৃংখলাৰ বাবে সদৌ অসম মহন-দেওধাই বাইলুং সন্মিলনেই অর্থাৎ তাই-আহোমৰ তিনি-পণ্ডিত শ্ৰেণীৰ লোকেই বহু গুণা-গথা, বহু চিন্তা-ভাৱনাৰ অন্তত সৃষ্টি কৰিছিল ‘সদৌ অসম ফুৰালুং সংঘক । ভাষা-সংস্কৃতি চৰ্চাৰ অনুষ্ঠান পূর্বাঞ্চল তাই- সাহিত্য সভা আৰু ধৰ্মীয় চিন্তাৰ অনুষ্ঠান ফুৰালুং সংঘ। এই দুয়োটা অনুষ্ঠানৰ সৈতে বৌদ্ধিক চিন্তা-চর্চা, অধ্যয়ণ-গৱেষণাৰ দিশ সামগ্রীকভাৱে জড়িত হৈ আছে। গতিকে আধুনিককালৰ তাই-আহোমৰ ভাষা সংস্কৃতি চৰ্চাৰ সমগ্ৰদিশ তাই-আহোমৰ পণ্ডিত শ্ৰেণী মহন-দেওধাই বাইলুং নাইবা সদৌ অসম মহন-দেওধাই বাইলুং সন্মিলনৰ ওচৰত সম্পূৰ্ণ ঋণী বুলি ক'লেও বঢ়াই কোৱা নহ'ব। ভাষা-সাহিত্য তথা সংস্কৃতিৰ দিশ বাদ দিলে তাই- আহোমৰ নিজস্ব পৰিচয়ৰ বাবে উপাধিসমূহৰ বাহিৰে অন্য একো নাই ৷ ৰাজনৈতিক চিন্তাৰ প্ৰভাৱ থকা অনুষ্ঠান সদৌ অসম আহোম সভাই এটা সময়ত তাই-আহোমৰ বাবে ভালেখিনি কৰিছিল যদিও সেই ঐতিহ্য পৰৱৰ্তী কালত বৰ্তি নাথাকিল। বিভাজনেই কাল হ'ল আৰু বিভাজনৰ বাবেই মৃত্যুৰ কবলত পৰিল সদৌ অসম আহোম সভা। পূর্বাঞ্চল তাই-সাহিত্য সভা বর্তমান বিভাজিত হ'ল। কোনেজানে আহোম সভাৰ দৰে পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ বাবে ই এক পূর্বাভাষো হ'ব পাৰে।
কোৱা বাহুল্য যে, ভঙা কাম যিমান সহজ গঢ়া কাম সিমান সহজ নহয় । এটা সংগঠন গঢ় দিয়াৰ অন্তৰালত এচামলোকৰ নিৰলস প্রচেষ্টা, চিন্তা-ভাৱনা আৰু ত্যাগ বিজড়িত হৈ থাকে। পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ভেটিক গঢ় দিয়া বেলিকাও সৰ্বসাধাৰণ এচামলোকৰ বিশেষ অবদান আছে। এই সন্দৰ্ভত তাই-আহোমৰ তিনি-পণ্ডিত শ্ৰেণীৰ
লোকৰ অৱদানেই সৰহ বুলি গুণীজনে স্বীকাৰ কৰি আহিছে। প্ৰতিস্থাপক সভাপতি তাই পণ্ডিত ডামচাও ডম্বৰু দেওধাই ফুকনৰ নেতৃত্বত ১৯৮১ চনত নতুন দিল্লীত অনুস্থিত হোৱা আন্তৰাষ্ট্ৰীয় তাই অধ্যয়ন চক্ৰলৈ ওঠৰজনীয়া এটা প্রতিনিধি দলক নেতৃত্ব দি নিনিয়া হ'লেও পূর্বাঞ্চল তাই-সাহিত্য সভাৰ সৃষ্টি নহ'লহেঁতেন।
গঢ়াত অৱদান কম থকালোকেহে ভঙাত আগভাগ ল'ব পাৰে বুলি এষাৰ কথা আছে। এই আপ্তবাক্যশাৰী পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ বেলিকাত আখৰে আখৰে খাটে। গঢ়াত অৱদান কম থকাসকলে আবেগৰ বশৱৰ্তী হৈ যেইকোনো কামেই কৰিবৰ বাবে কুণ্ঠাবোধ নকৰে। আবেগ, ব্যক্তিগত স্বার্থ, তথাকথিত বৌদ্ধিক অহমিকাই (Ego) চকুৰ পতাত ধূৱলী-কুঁৱলী কৰি এক অস্বচ্ছ পৰ্দাৰ সৃষ্টিকৰে যাৰবাবে সেইসময়ত সেইচামে ঈৰ্ষাৰ ৰাগীত মদমত্ত হৈ নিজৰ ভেটিত জুই জ্বলাই দি হ'লেও উল্লাসিত হৈ পৰে। আশ্চৰ্যৰ কথা যে, পৰ্দাৰ আঁৰত থকা ছদ্মবেশী এচামে অতি চাতুৰ্যৰে ঐতিহ্যৰ ভিত্তিত প্ৰাণাহুতি দিয়া পণ্ডিত-শ্ৰেণীৰ দুই-একৰ কান্ধত বন্দুক থৈয়েই এই কাম কৰিলে। অর্থাৎ পূর্বাঞ্চল তাই সাহিত্য সভাৰ বিভাজনৰ অংশীদাৰ হিচাপে পণ্ডিত শ্ৰেণীৰ দুই-একক লগত লৈ এইকাম সহজ কৰি তুলিলে ।
পৰ্যালোচনা কৰি চালে দেখা যায় যে, ঐতিহাসিক গড়গাঁৱৰ নামত ২০০৫ চনৰ ৭,৮ মে'ত শিমলুগুৰি নাট্যমণ্ডিত সদৌ তাই-আহোম দ্বিতীয় ঘূৰণীয়া মেজমেল বুলি যিখন মেজমেল অনুষ্ঠিত হৈছিল সেইখনেই তাই-আহোম সংগঠন সমূহৰ বাবে এক আলি-কেঁকুৰিৰ সৃষ্টি কৰিলে । কোৱা হৈছিল যে, তাই-আহোমৰ জাতীয় সমস্যাসমূহ সমাধানকল্পে আলোচনা কৰিবলৈ অসমভিত্তিত আয়োজিত ই এক বৃহৎ ঘূৰণীয়া মেজমেল। উদ্দেশ্য আছিল অতি মহৎ। ক্ষমতাদখলৰ ক্ষুদ্ৰ স্বাৰ্থত উদ্বাউল হৈ থকা এচামলোকে পিছফালৰ পৰা চুৰিকাঘাট নকৰা হ'লে হয়তু এই মেজমেলৰ ঘোষণাই তাই-আহোমৰ বাবে এক সুদূৰ-প্ৰসাৰি তথা এক ইতিবাচক দিশৰ সম্ভেদ দিলেহেঁতেন। আচলতে যি উদেদ্দশ্য তাই-আহোম সংগঠনসমূহে ৰাইজৰ সহযোগত এই মেজমেল পাতিছিল সেই উদ্দেশ্যসফল নহ'ল। গড়গাঁৱৰ নামলৈ শিমলুগুৰত দ্বিতীয় ঘূৰণীয়া মেজমেল বহাৰ আগতে কেইগৰাকীমান ব্যক্তিৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ৰাজগড়ত প্রথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। এই প্রথম ঘূৰণীয়া মেজমেলৰ সিদ্ধান্ত মৰ্মেই দ্বিতীয় ঘূৰণীয়া মেজমেল আয়োজন কৰিবৰ বাবে দায়িত্ব দিছিল তাই-আহোম সংগঠনসমূহক। সেইমৰ্মে সদৌ অসম চাউদাং জাতীয় পৰিষদকে ধৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপৰিও তাই-আহোমৰ বাকী কেইটা সংগঠন ইয়াৰ আহ্বায়ক হিচাপে আছিল। মেজমেলৰ আলোচনামৰ্মে তাই-আহোমৰ জনজাতিকৰণৰ দৰে মূল সমস্যা সমাধান কৰিবৰ বাবে তাই আহোম সংগঠনসমূহৰ এক উমৈহতীয়া মঞ্চ হিচাপে “তাই আহোম জাতীয় পৰিষদ” গঠন কৰা হৈছিল। জাতীয় সমস্যাসমূহ সমাধানত সহায়ক হ'বৰ বাবে ইতিমধ্যে কোনো সংগঠনত নথকা দুই এক ব্যক্তিকো তাই আহোম জাতীয় পৰিষদত স্থান দিয়া হৈছিল। তাই আহোম সংগঠনসমূহৰ সমন্বয় অটুট ৰাখিবৰ বাবে সদৌ অসম আহোম সভাৰ সম্পাদক গৰাকীক মূল-সম্পাদক, পূর্বাঞ্চল তাই-সাহিত্য সভাৰ সভাপতিক কাৰ্যকৰী সভাপতিকে ধৰি বাকী সংগঠনসমূহৰ বিষয়ববীয়াসকলকো ব্যৱস্থা অনুসাৰে অন্যান্য উপযুক্ত বিষয়বাব দিয়াৰ ব্যৱস্থা কৰা হৈছিল। মুঠতে তাই আহোমৰ জাতীয় স্বাৰ্থৰ হকে কাম কৰিবৰ বাবে এক শক্তিশালী উমৈহতীয়া মঞ্চ গঠন কৰাৰ পোষকতা কৰা হৈছিল ।
উদাৰ গণতান্ত্রিক দৃষ্টিভংগীৰে সংগঠনসমূহৰ বাহিৰৰ তাই আহোমৰ জেষ্ঠ ব্যক্তি হিচাপে ড° যোগেন্দ্ৰ নাথ ফুকনক সভাপতিৰ দায়িত্ব অর্পণ কৰা হৈছিল। পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ সভাপতি গৰাকীক নীতিগতভাৱে কাৰ্যকৰী সভাপতিৰ বিষয়বাব দিয়াৰ পাছতো ছদ্মবেশী এগৰাকী ব্যক্তিয়ে পদবীৰ বাবে খোৱা-কামোৰা কৰি এক অশোভনীয় পৰিস্থিতিৰ মাজেৰে অন্যতম কাৰ্যকৰী সভাপতি হিচাপে পৰিগণিত হ'বলৈ বিচাৰিলে। ভৱিষ্যতৰ বাবে পৰিষদৰ সভাপতি ৰূপে দায়িত্ব দিবলৈ বিচৰা ব্যক্তিগগৰাকীয়েই সেইসময়ত সভাপতিৰ আসনত আছিল বাবেই এনে অযুক্তিকৰ দাবীকো তেতিয়া মানি ললে। এয়াও যে, মূল নাটকৰে এটা অংশ আছিল সেয়া আজিৰ পৰিস্থিতিত স্পষ্ট হৈ পৰিছে । পৰৱৰ্তী নাট্যাংশই অধিক স্পষ্টত কৰি তুলিলে দৃশ্যসমূহ। আমদানিকৃত গোড়াপট্রনহীনসকলে জাতীয় স্বাৰ্থলৈ পিঠি দি গোজেই গা গছ হেন জ্ঞান কৰি তাই-সংগঠনসমূহৰ ওপৰতেই মাতববৰী হৈ উঠিবলৈ অভিসন্ধি ৰচনা কৰিলে। এনে ফলশ্রুতিত সদৌ অসম আহোম সভাই ইয়াৰ পৰা ওলাই আহিল । বাকীসংগঠনসমূহেও একে পথকে অনুসৰণ কৰিবলৈ ল'লে। জনজাতিকৰণৰ ক্ষেত্ৰত একো নহ'ল। ঘূৰণীয়া মেজমেলে জনজাতিকৰণৰ অৰ্থে এক ব্যাপক আন্দোলন গঢ়ি তুলিবৰ বাবে নিদের্শনা দিছিল। কিন্তু এনে কাৰ্য শিয়ণিত শোৱলৈ বিচৰাসকলৰ বাবে সম্ভৱ নহয় বাবে সেয়া তল পৰিল। জনজাতিকৰণত আগবঢ়াৰ প্ৰতিশ্ৰুতি দি লাখ টকাৰ চৰকাৰ সাহায; অনা হ'ল যদিও ক'ত খৰছ হ'ল ৰাইজে তাৰ শঠিক খবৰ নাপালে। লগতে জাতীয় পৰিষদে কৰা কামৰ সবিশেষো নাজানিলে। আশ্চৰ্যৰ কথা যে, তাই আহোম সংগঠনসমূহে গঢ়ি দিয়া সর্বোচ্ছ মঞ্চ জাতীয় পৰিষদৰ সভাপতিৰ আসনৰ দায়িত্ব যি গৰাকী ব্যক্তিক দিয়া হৈছিল সেই গৰাকী ব্যক্তিয়েই আকৌ তাই-সাহিত্য সভাৰ সভাপতিৰ আসনলৈকো হাতমেলি দৌৰি আহিল। ভালকৈ অনুধাৱন কৰাসকলে ইয়াৰ দ্বাৰাই নিশ্চয় বুজিব পাৰিব যে, এগৰাকী সন্মানীয় তথা জেষ্ঠ ব্যক্তি হোৱা সত্বেও কি মোহত আৰু কেনে নাগপাশত ধৰি ইতিমধ্যে বিভাজিত হোৱা তাই-সাহিত্য সভাৰ সভাপতি আসনখনলৈ আহিল। পূর্বাঞ্চল তাই- সাহিত্য সভা পূর্ণ পৰ্যায়ত চলি থকা অৱস্থাতে সভাপতি পদৰ বাবে আগ্রহীনেকি বুলি বিভিন্নজনে সুধিছিল যদিও সেইসময়ত পূর্বাঞ্চল তাই সাহিত্য সভাক অৱজ্ঞা কৰি তাচ্ছিল্যৰ সুৰত হে উত্তৰ দিছিল নেতিবাচকভাৱে ড° ফুকন ডাঙৰীয়াই। তেনে এগৰাকী ব্যক্তিয়ে দুভাগহোৱা সভাখনৰ পদবীলৈ মানস কৰাতো অকল আশ্চর্যজনকেই নহয় বৰঞ্চ এনে কাম ফুকন ডাঙৰীয়াই জীৱনজোৰা প্ৰচেষ্টাৰ যোগেদি আহৰণ কৰা নিজৰ খ্যাতি আৰু আত্মসন্মানৰ ভেটি নিজেই খন্দাৰ সমতুল্য হৈ পৰিল। ড° ফুকন ডাঙৰীয়াক বৰ্তমানৰ আটাইতকৈ উপযুক্ত ব্যক্তি তথা পূর্বাঞ্চল তাই সাহিত্য সভাৰ বাবে তেখেতৰ দৰে ব্যক্তি অপৰিহাৰ্য বুলি যিসকলে পতিয়ন নিয়াবলৈ যুক্তি দৰ্শালে আৰু যিসকলৰ যুক্তি, তোষামোদৰ বাবে ফুকন ডাঙৰীয়াই এই প্ৰস্তাৱ মানি ললে সেইসকলৰ এনে যুক্তিৰ আঁৰত থকা সদিচ্ছাৰ পুতন কিমান ?
এই প্রশ্ন আহি স্বাভাৱিকতে উত্থাপন হৈছে। লগতে বিভাজিত সভাৰ সভাপতিৰ দায়িত্ব অৰ্পন কৰি ড° ফুকন ডাঙৰীয়াৰ যশ বৃদ্ধি কৰাৰ বিপৰীতে এচাম লোকৰ স্বাৰ্থ পুৰণৰ অৰ্থে ড° ফুকন ডাঙৰীয়াক শিখণ্ডী হিচাপেেেহ প্ৰক্ষেপ কৰা হ'ল নেকি সেই প্ৰশ্নত ৰাইজৰ মাজত উচ্চাৰিত হৈছে।'
অন্যহাতেদি এটা সংগঠনৰ সম্পাদক নাইবা অন্য বিষয়ববীয়াক পদবীৰ পৰা সাময়িক অব্যাহতি দি কাৰণ দৰ্শাবলৈ জাননী দিয়াতো এটা সাধাৰণ নিয়ম আৰু ই এটা আভ্যন্তৰীণ বিষয়। এনে বিষয়ৰ মীমাংসা সাংবিধানিকভাৱে সংগঠনৰ মজিয়াতে সমাধান কৰাৰ সুবিধা আছে। পূর্বাঞ্চল তাই সাহিত্য সভাইও সাংবিধানিক নীতিৰ মাধ্যমেদি সম্পাদকে সৃষ্টি কৰা বিত্তীয় খেলিমেলিকে ধৰি সকলো বিষয় মীমাংসাৰ ব্যৱস্থা কৰিছিল। কিন্তু স্বাভাৱিক প্ৰক্ৰিয়াৰে ইয়াক কৰি যাবলৈ নিদি সম্পাদকৰ কাৰচাজি মতে সম্পাদকক ৰক্ষণাবেক্ষণ দিবলৈ এচামলোকে দৌৰি যোৱাৰ বাবেই সমস্যা জটিল হৈ পৰিল । সম্পাদকৰ অভিসন্ধি মতেই নিজৰ দায় কেন্দ্ৰীয় সমিতিৰ অন্যান্যসকললৈ ঠেলি দিবলৈ এনে পৰিস্থিতিত সহজ হৈ পৰিল আৰু মূৰ-পোলোকা মৰাৰ উপযুক্ত সুযোগ ওলাল। পৰিস্থিতি এনে হ'লগৈ যে, সম্পাদকজনক ৰক্ষণাবেক্ষণ দিবলৈহে যেন এচাম লোকে পূর্বাঞ্চল তাই সাহিত্য সভাকে দুভাগ কৰি পেলালে। কেন্দ্রীয় সমিতিৰ নিৰ্বাচিত সভাপতিক সন্মুখত ৰাখি ওপৰত উল্লেখিত বিষয়সমূহ আলোচনা কৰিবৰ বাবে বিভাজনৰ গুৰি ধৰোতাসকল আগবাঢ়ি নাহিল। মাত্র বাতৰিকাকতযোগে সভাপতিক বহিষ্কাৰ কৰা হ'ল, ক্ষমতা কৰ্তন কৰা হ'ল, সভাপতিয়ে টকা আত্মসাৎ কৰিলে এনে ধৰণৰ বিবৃতি প্রকাশ কৰি পূৰ্বাঞ্চল তাই-সাহিত্য সভাৰ দুর্নাম অসমবাসীৰ আগত দাঙি ধৰা হ'ল। সংবিধানত দুই-তৃতীয়াংশ প্রতিনিধিয়ে মতামত আগবঢ়ালে. যেইকোনো বিষয়ববীয়াকে ভাঙিব পাৰি বুলি লিপিবদ্ধ কৰা আছে। এনে কাৰ্য সংবিধানৰ মূৰী গৰাকীক সন্মুখত ৰাখি কৰাৰহে সংবিধানত যিহেতু নিদের্শনা দিয়া আছে তেনেস্থলত বাহিৰত সভাপতি সংবিধানৰ মূৰব্বী গৰাকীক বহিষ্কাৰ যে কৰিব নোৱাৰি সেইকথা সংগঠন পৰিচালনা কৰা ব্যক্তি মাত্রেই জানে। 'নিজৰ নাক কাটি হ'লেও সতিনীৰ যাত্ৰা ভংগ কৰাৰ মানসিকতা গঢ় লৈ উঠা ক্ষুদ্র এটা চামে দুর্ভাগ্যজনকভাৱে যদি অন্য এক বুজন সংখ্যক লোকক পৰিচালিত কৰিবলৈ লয় তেন্তে তাৰ ফলশ্ৰুতি পূর্বাঞ্চল তাই-সাহিত্য সভাৰ বিভাজনৰ দৰেই নেতিবাচক হৈ পৰাটো অতি স্বাভাৱিক। নিৰপেক্ষ এচামলোকে সেয়ে মাজে সময়ে খেদ কৰি কয় যে, সভাপতি গৰাকীৰ বিৰোদ্ধে থকা ব্যক্তিগত বিদ্বেষৰ মনোভাৱকেই সামাজিক-সৰলীকৰণৰ বহিপ্রকাশ ঘটোৱা হৈছে সুযোগৰ আৰিয়া ধৰি । ওপৰৰ বুলি নিজে ভাবিলোৱা এচামলোকৰ বৌদ্ধিক-অহমিকা, উচ্চ-শিক্ষা তথা ডিগ্ৰীৰ বাবে গঢ়লোৱা ভেম, পদবীৰ বাবে সৃষ্টি হোৱা লালসাৰ সৈতে তলৰ পৰ্যায়ৰ অন্ধ-অনুকৰণ, অসহিষ্ণু তথা উচতনিৰ ঢৌত খেৰ-কুটাৰ দৰে ভাহি যাবলৈ ধৰা এচাম লোকৰ অবৈধ সংযোগ ঘটাৰ ফলশ্রুতিতে পূৰ্বাঞ্চল তাই- সাহিত্য সভাৰ বুকুত বিভাজনৰ বাগী-কুঠাৰৰ কোব পৰিল। মাজত তাই ভাষা-সংস্কৃতি, জাতীয় ভাৱধাৰাৰ প্ৰতি গভীৰভাৱে আস্থা থকা এচামম লোকক ঠেলি দিয়া হৈছে অহেতুক বিভ্ৰান্তি আৰু বিভ্ৰাটৰ চাকনৈয়াৰ মাজলৈ ।
ওপৰত উল্লেখ কৰি অহা পেক্ষাপট আৰু ব্যক্তিগতভাৱে যিসকলে পূর্বাঞ্চল তাই-সাহিত্য সভাৰ বিভাজনৰ পটভূমি পর্যালোচনা কৰি চাইছে সেইসকলে নিশ্চয় অনুধাৱন কৰিবলৈ সক্ষম হৈছে যে, পূৰ্বাঞ্চল সাহিত্য সভাক বিভাজনৰ পথলৈ থেলি দিয়াৰ ভিত্তি সৱল নহয়। তৎসত্বেও বিভাজন হ'ল। পূর্বাঞ্চল তাই-সাহিত্য সভাই আটাছুক একত্ৰিকৰণ কৰিবলৈ প্ৰচেষ্টা চলাই থাকোতেই একে ব্যাধি সংক্রমিত হ'ল। অন্যহাতেদি য'ত বিভাজন আছে তাত একত্ৰিকৰণো আছে অর্থাৎ ই এটা মুদ্ৰাৰে দুটা পিঠিৰ দৰে । যিকাৰণতে, যাৰবাবে বিভাজন নহওক লাগে একত্ৰিকৰণৰ বাবেও অনেক প্ৰচেষ্টা চলোৱা হ'ল । কাৰণ ৰাইজে একত্ৰিকৰণ বিচাৰে অন্তকৰণেৰে। পূৰ্বাঞ্চল তাই সাহিত্য সভা নাইবা দুই-এক ব্যক্তি জাতিৰ উৰ্দ্ধত নহয়। প্রথমে মধ্যস্থতাকাৰী হিচাপে ড° দয়ানন্দ বৰগোঁহাইক আগবঢ়াই দিয়াৰ বাবে পূর্বাঞ্চল তাই সাহিত্য সভাৰ মূল পক্ষক বিজেপি দলৰ অনুৰাগী বুলি চৰকাৰি পক্ষৰ সহানুভূতি আদায় কৰি চৰকাৰি পক্ষৰ ওচৰ চাপি যোৱাৰ প্ৰচেষ্টা চলাবলৈ ললে বিভাজিত পক্ষই। প্রাক্তন-সভাপতি ড° পুষ্প গগৈ আৰু অইল ইণ্ডিয়াৰ মুখ্য-চিকিৎসা বিষয়া ডাঃ অপূর্ব গগৈক আলোচনা কৰিবলৈ পথোৱাৰ বাবে সেইবাৰত নামৰূপ অধিবেশনৰ প্ৰতিনিধি সভাৰ কথা দোহাই 'দি মূৰ-পোলোকা মাৰিলে। এই লেখকে সভাপতিৰূপে ৰাইজৰ হেঁচাত ব্যক্তিগতভাৱে দুবাৰ লগ ধৰাৰ বেলিকাও ড° ফুকন ডাঙৰীয়াই একে কথাকে ক'লে। পিছে নামৰূপ অধিবেশনত বিভাজিত স্বয়ং সম্পাদক তথা একাংশ প্রতিনিধিয়ে একত্ৰিকৰণৰ বিষয় উত্থাপন কৰাত তাক আলোচনাৰ কোনো সুবিধা নিদি সভাপতিগৰাকীয়ে কৌশলেৰে বিষয়টি পিছলৈ থেলা মাৰি থৈ মুখনী মাৰিলে। ইয়াৰ আগেয়েও একত্ৰিকৰণৰ এক সিদ্ধান্ত হৈছিল যদিও সেইসময়ৰ বিভাজিত গোটৰ তদর্থ সমিতিৰ সভাপতিয়ে আগবাঢ়ি নহাত ই কলিতে মৰহিল। গতিকে একত্ৰিকৰণৰ সম্পৰ্কে বৰ্তমান ওপৰত ফুৰা-তাৰা আৰু তলত বিভাজিত গোটৰ সভাপতি ড° যোগেন্দ্ৰ নাথ ফুকনেহে আটাইতকৈ ভালকৈ জানিব ।
অন্য হাতেদি সঁচা কথা ক'বলৈ গ'লে বৰ্তমান তাই-সাহিত্য সভা ত্রি-বিভক্ত। শেহতীয়া বিভাজনৰ পূৰ্বে চাও নগেন কুমাৰ বৰুৱাক সভাপতি হিচাপে দায়িত্ব দি ধেমাজীত গঠন কৰা হৈছিল ‘আহোম সাহিত্য সভা'। সেয়ে দুই-এক ব্যক্তিয়ে তির্যক মন্তব্য দি ক'বলৈ লৈছে যে, তাই-আহোমৰ তিনিখন সাহিত্য সভা গঠন হোৱাৰ পাছতো যিসকলৰ পদবীৰ ক্ষুধা নিৰ্বাপিত হোৱা নাই সেইসকলে চতুর্থ নাইবা পঞ্চমখন তাই সাহিত্য সভা গঠন কৰি ল'ব পাৰে। সকলোৱে একমুখে স্বীকাৰ কৰে যে, মহন-দেওধাই বাইলুং সকলে তাই ভাষা-সংস্কৃতি ধৰি নৰখাহলে ইয়াৰ কণ-কঠীয়া বাছি নাথাকিলহেঁতেন। এই তিনি-পণ্ডিতৰ অসমত বিগত প্ৰায় আঠশবছৰত গঢ়াৰ নজিৰহে আছে, ভঙাৰ নজিৰ নাই। কিন্তু আশ্চর্যজনকভাৱে নিজে জন্ম দিয়া কোলাৰ কেচুৱা স্বৰূপ পূৰ্বাঞ্চল তাই-সাহিত্য সভাক এতিয়া তিনি-পণ্ডিত শ্ৰেণীৰ দুই-একলোকে অন্য প্ৰৰোচনাতে হওক নাইবা জ্ঞান-মেধাই অত্যাধিক ভৰ দিয়াৰ বাবেই হওক বিভাজনৰো পুৰুহিত হৈ টেটু চেপি ধৰাত পিচ হুহকি থকা নাই। তালুত সৰ্পদংশন হলে ধৰণী ধৰা মস্কিল হয়; এই কথা সকলোৱে জানে। তৎসত্বেও ৰাইজ আশাবাদী, পূৰ্বাঞ্চল তাই সাহিত্য সভা এখন হোৱাৰ বাহিৰে বৰ্তমান ৰাইজে একো বিচৰা নাই।
No comments
Post a Comment