ম'লুঙ দীননাথ চাংবুন বৰুৱা
জন্ম: তাৰিখ আছিল ইং ১৯২২ চন, অসমীয়া জেঠ মাহ, (কোনাবা এটা) মংগলবাৰ
মৃত্যু: ইংৰাজী ২০০২ চনৰ ৮ আহাৰত
দীননাথ চাংবুন বৰুৱা এগৰাকী বিশিষ্ট ম'লুঙ আছিল। তেখেতৰ তাই- ভাষা আৰু সংস্কৃতি দুয়োটা বিষয়তে ব্যুৎপত্তিসম্পন্ন ব্যক্তি আছিল। ১৯৬২ চনতে স্থাপিত হোৱা মহন-দেওধাই-বাইলুং সন্মিলনৰ অন্যতম জন্মদাতা আছিল। পৰৱৰ্তী সময়ত ১৯৬৪ চনত স্থাপিত হোৱা কেন্দ্রীয় তাই একাডেমী, পাটসাঁকো, ১৯৮১ চনত জন্ম লাভ কৰা পূর্বাঞ্চল তাই সাহিত্য সভাৰ অন্যতম জন্মদাতাৰ লগতে মহন-দেওধাই-বাইলুং সম্মিলনৰ পৰিণ্ডত পৰিষদৰ সভাপতি পদত কার্যনির্বাহ কৰিছিল।
জীবন মানেই হ'ল এটা সংগ্রাম। এই সংগ্ৰামৰ যোগেদি যি দেশ আৰু জাতিৰ বাবে অনেক মহৎকর্ম কৰি চিন মোকাম ৰাখি যায় তাতেই তেখেতৰ সার্থকতা প্রকাশ পায়। আচলতে তেওঁ মৰিও অমৰ হৈ থাকে। জীৱন্ত অৱস্থাত কৰা সৎ কর্মই নতুবা স্মৰণীয় অৱদানে মহানতাৰ পৰিচয় দিয়ে। প্রকৃততে ভাল জীৱন যাপন কৰিব পৰাটোৱেই মানুহৰ বাবে চৰম সার্থকতা।
শ্ৰদ্ধাৰ ম'লুং দীননাথ চাংবুন বৰুৱা তাই আহোম সমাজৰ এটি অতি চিনাকী নাম। লাওখ্ৰী বংশৰ টিমিন চিংৰ চাৰি পুত্ৰ বগা, কুজ্জু, লুটুৰি আৰু বেঙুলি। এই চাৰি পুত্ৰৰ দ্বিতীয় পুত্র কুজ্জু ডালৰ পু-থাও ডামচাও চন্দ্ৰ বৰুৱা আৰু সুযোগ্য সন্তান দদৌ ডামচাও দীননাথ চাংবুন বৰুৱা। তেখেতৰ
জন্ম তাৰিখ আছিল ইং ১৯২২ চন, অসমীয়া জেঠ মাহ, (কোনাবা এটা) মংগলবাৰ। জন্মৰ স্থান নিজখালৈঘোগুৰা ৰাজহ গাঁৱৰ অন্তৰ্গত বাখুচুক গাঁও। তেখেতে প্রাথমিক শিক্ষা আহৰণ কৰে দগাভেটা প্রাথমিক বিদ্যালয়ত। আৰু ১৯৩৩ চনত প্রাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বৰচহকীৰ ডামচাও কণক চেতিয়াই প্রতিষ্ঠা কৰা এম. ই. স্কুলত পঞ্চম শ্রেণীলৈকে পড়ে আৰু ইমানতেই স্কুলীয়া শিক্ষৰ সামৰণি পৰে।
আনুষ্ঠানিক শিক্ষা সিমানতে সামৰি ডামচাও দীননাথ চাংবুন বৰুৱা ভাৰতৰ স্বাধীনতা সংগ্রামত কিছুকাল জড়িত হয়। ইয়াৰ পাছত তেওঁ তাই আহোম ভাষাৰ শিক্ষা আহৰণ কৰিবলৈ লয়। তেতিয়াৰ দিনত তাই ভাষাৰ কোনো টোল বা স্কুল নাছিল। কোনোরে পঢ়িব বিচাৰিলে পণ্ডিতৰ ঘৰত পঢ়িব লগা হৈছিল। যাৰবাবে ডামচাও দীননাথ চাংবুন বৰুৱাবে গাঁৱৰে পণ্ডিত ডামচাও কনচেং চাংবুন বৰুৱাৰ ঘৰত কেইজনমান ল'ৰাৰ লগ লাগি তাই ভাষা শিকিছিল। ইয়াৰ উপৰিও তেওঁ ডোগী-তবলা, হাৰমণিয়াম, পেঁপা, গগণা, মৃদং আৰু তালৰ শিক্ষা লৈছিল। আৰু পাছলৈ সুললিত ভাৱেৰে বজাব জানিছিল। লগতে তেওঁ হুঁচৰি, বিহুনাম, ধনপাচ-তোলা নাম, হাবি নাম, কহকুৱা নাম আদি গাব পাৰিছিল।
ডামচাও দীননাথ চাংবুন বৰুৱা আছিল এজন নির্ভীক, কষ্ট সহিষ্ণু, সুদক্ষ খেতিয়ক। খেতিয়েই আছিল তেওঁৰ প্ৰধান জীৱিকা। খেতিৰ ভিতৰত কচু, ধানখেতি, মুগা পালন কৰিছিল। সেই উপাৰ্জনেৰে পৰিয়াল, পঢ়া শুনা কৰোৱাইছিল। তেওঁ ভৰণ-পোষণৰ কাৰ্যত অনেক ঘাট প্রতিঘাট, অভাব- অনাটন, দুখ-দৈন্যৰ মুখামুখি হ'ব লগা হৈছিল। ডামচাও দীননাথ চাংবুন বৰুৱা কঠোৰ পৰিশ্ৰমী আছিল যদিও অবাবদ সময় নষ্ট নকৰিছিল। খাৱন-শোৱন, পিন্ধন-ওৰণ, ফুৰা-চকা সকলোতে পৰিপাতিতাৰ প্ৰতি সততে দৃষ্টি ৰাখিছিল। লগতে তেখেত আছিল এজন স্মৃতিশক্তি প্ৰখৰ, বুদ্ধিদীপ্ত আৰু অনুশীলনপ্রিয় ব্যক্তি।
তাই ভাষাৰ সমান্তৰাল ভাৱে হিন্দু কীর্তন, ভাগৱত, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি হিন্দু ধর্ম গ্রন্থবোৰ পঢ়িছিল আৰু অনেক পদ মুখস্থ ৰাখিছিল। তেখেতে তাই আহোমৰ প্ৰয়োজনৰ বাবে কেইবাখনো ধর্মীয় পুথি লিখি প্রকাশ কৰিছিল। সেইবোৰ ক্ৰমে- "ডাম ফি ৰ্যেণ", "পাত নাম লাই", "লিক চাক বান ডাই", "চকলং বিধি”, "বুৰঞ্জীৰ আধাৰত বংশৰ পৰিচয়" আৰু "তাই ব্যাকৰণ” আদি। তেওঁ কর্ম আঁচনিত জন্ম আৰু মৃত বিধি দুখন লিখি প্রকাশ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু ধর্মীয় কার্য সম্পন্ন কৰাৰ দায়িত্ববোৰ অহাত বিধি দুখনৰ কাম আধৰোৱা হৈ ৰ'ল।
এনেবোৰ গুণৰ অধিকাৰী হোৱা হেতুকেই ডামচাও দীননাথ চাংবুন বৰুৱা "সদৌ অসম পণ্ডিত পৰিষদৰ" সভাপতিৰ পদ অলংকৃত কৰিব পাৰিছিল। তাৰোপৰি 'সদৌ গৰীয়া দেওধাই' বংশৰ পুৰুষনামা সম্প্ৰসাৰণ আৰু উন্নয়ন সমিতিৰ সভাপতি পদশোভিত কৰিব পাৰিছিল। তেখেতে বিভিন্ন ঠাইত ভিন্ন সময়ত আয়োজন কৰা চকলং, ফুৰালং, ৰিক্-খন্ ম্যুং-খন্, বান ফী, মে-ডাম্ মে-ফী আদি অনেক পূজা-সেবাত মূল পুৰোহিত স্বৰূপে যোগদান কৰিছিল। তেওঁ জীৱন কালত বিষ্ণু প্রসাদ ৰাভা, হেম বুঢ়াগোহাঞি আদিৰ দৰে স্বনামধন্য ব্যাক্তিৰ ঘনিষ্ঠ আছিল।
স্পষ্টবাদী, উদাৰ তাই আহোম পণ্ডিত তথা ৰাজনৈতিক পথাৰত দক্ষ, শ্ৰদ্ধাৰ দদৌ ডামচাও দীননাথ চাংবুন বৰুৱা আজি আমাৰ মাজত নাই।
( নাং নিচেং ডাও বৰুৱা নাতিনী )
নিজকে বহুত ভাগ্যবান তথা গৌৰৱবোধ কৰো যে, তেখেতৰ নিচিনা এজন গুণী-জ্ঞানী পণ্ডিতৰ নাতিনী হিচাপে, যদিও জীৱনৰ কেইটামান হে বসন্ত তেওঁক পালো তথাপি তেখেতৰ কৰ্মৰাজী তথা আদর্শ হৃদয়ত জাগ্রত হৈ আছে। ডামচাও দীননাথ চাংবুন বৰুৱা এষাৰ কথা কৈছিল- "দেৱতাই দেৱতাৰ লগ নেৰে, দেৱতাই কাৰো অহিত চিন্তা নকৰে।" দেৱতাই দেৱতাৰ লগ নেৰাৰ দৰে তেখেতো দেৱতাৰ ওচৰলৈ গুচি গ'ল ইংৰাজী ২০০২ চনৰ ৮ আহাৰত। ডামচাও দীননাথ চাংবুন বৰুৱা কৰ্মৰাজী যিমানখিনি আগুৱাই নিব লাগিছিল আমি চাগে কোনোবাখিনিত বিফল হৈ ৰৈছোঁ।
No comments
Post a Comment